Show/Hide Keyboard Layout

আমি কৰি ফুৰোঁ বিয়াকুল

- জ্যোতিপ্ৰসাদ আগৰৱালা

আমি কৰি ফুৰোঁ বিয়াকুল

(থাকে) নিজৰা য’ত কুল কুল

ফুলৰ পাহিত নিয়ৰ দুল

সখিয়তীৰ মাতে য’ত বিয়পিছে

ইকুল সিকুল ।

 

মোৰ যে ফুলৰ কাঁড়

মোৰ হাততে মধুৰ ভাৰ

আমাৰ কাষতে চোৱা

প্ৰেমিক-প্ৰেমিকা বিয়াকুল ।

 

মোৰ হাতত ফুলৰ ৰেণু

মোৰ হাতত কাণুৰ বেণু

লগৰ লগৰী আমাৰ মতলীয়া

মধু পি আকুল ।।

Hits: 1735